শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ নাই কোনো সম্ভাৱনা - শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12267241-thumbnail-3x2-sonitpurlockdown.jpg)
ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পালেও শোণিতপুৰত জিলাত বৰ্তমানলৈকে লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে সদৰী কৰিছে এই কথা ৷ উপায়ুক্ত দাসে জানিবলৈ দিয়া মতে সোমবাৰে প্ৰকাশ পাবলগীয়া নতুন নিৰ্দেশনাত সকলো কথা গম পোৱা যাব, কিন্তু এই পৰ্যন্ত জিলাখনত সম্পূৰ্ণ লকডাউন হোৱাৰ সম্ভাৱনা নাই ৷ শুকুৰবাৰে বিয়লি জিলা উপায়ুক্তসকলৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাচতে ভূপেছ চন্দ্ৰ দাসে এই কথা সদৰী কৰে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাত এই পৰ্যন্ত 3 লাখ 31 হাজাৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে শুকুৰবাৰে জানিবলৈ দিয়া মতে, জিলাখনত 517 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 170 জন লোকে ক'ভিডৰ দ্বিতীয় ঢৌত মৃত্যুক সাৱটি লৈছে ৷