thumbnail

By

Published : Dec 3, 2021, 10:39 PM IST

ETV Bharat / Videos

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল বিহপুৰীয়া

ভাৰত নিৰ্মাণ শ্ৰমিক ফেডাৰেচনৰ আহ্বানত লখিমপুৰ জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়ন(Nirman Shramik Protest at Bihpuria)ৰ নেতৃত্বত শুকুৰবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা সহস্ৰাধিক শ্ৰমিকে বিহপুৰীয়া নগৰত সমবেত হৈ হাতে হাতে পোষ্টাৰ, প্লেকাৰ্ড লৈ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী নিৰ্মাণ শ্ৰমিকে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰা (Building and Other Construction Workers Welfare Cess Act), শ্ৰমিকসকলৰ বকেয়া শীঘ্ৰে আদায় দিয়া, হিতলাভৰ পৰিমাণ বৃদ্ধি কৰা, শ্ৰমিকৰ কল্যাণৰ ধন কেৱল শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ কৰা, ভুৱা নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, সম্পদ বিক্ৰী বন্ধ কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বাবে দাবী জনায় ৷ চৰকাৰে শ্ৰমিকৰ এই দাবীসমূহ মানি নল’লে অনাগত দিনত ৰে’ললাইনৰ নট খুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.