শেৱালিৰ সুবাস, কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ
🎬 Watch Now: Feature Video
শেৱালিৰ সুবাস আৰু কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ । নিয়ৰৰ জুনুকা বাজিছে দুবৰি বনত । শৰতে ব্যাকুল কৰিছে কবি-গীতিকাৰৰ প্ৰেমময় অন্তৰ । শেৱালি আৰু কঁহুৱাৰ মনোমোহা সৌন্দৰ্যই সকলোৰে বুকুত তুলিছে প্ৰেমৰ লহৰ । শেৱালিৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু শাৰদীয়ৰ বতৰা আৰু কঁহুৱাই কঢ়িয়াই আনে নৈপৰীয়াৰ দুখ যান্ত্ৰনাৰ মাজতো এমুঠি মৃদু আৰু মিঠা সুখৰ ছায়া । এই শৰততে মণি-মুকুতা সদৃশ নিয়ৰে ধৰা দিয়ে তলসৰা শেৱালিত ৷ এই শৰততে নৈ পাৰত হালি-জালি সৌন্দৰ্যৰ বগা চাদৰ মেলে কঁহুৱাই…