এইবাৰ মাল্টিজীমত শৰীৰচৰ্চাবিদৰ ৰূপত দেখা গ’ল মন্ত্ৰী অতুল বৰাক - বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মন্ত্ৰী অতুল বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14392895-thumbnail-3x2-dd.jpg)
এইবাৰ মাল্টিজীমত মন্ত্ৰী অতুল বৰা । ভিন্ন সময়ত ভিন্ন ৰূপেৰে চৰ্চাত থকা মন্ত্ৰী অতুল বৰাক দেওবাৰে দেখা গ’ল বোকাখাতৰ এটা মাল্টিজীমত শৰীৰচৰ্চা(Atul Bora at Multi Gym) কৰা অৱস্থাত ৷শৰীৰ, মন সুস্থ আৰু সৱল কৰি ৰখাৰ উদ্দেশ্যৰে দেওবাৰে বোকাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত মুকলি কৰা হ'ল এটা অত্যাধুনিক জীম(New multi gym opening at Bokakhat) ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত স্থাপন কৰা এই জীমটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী অতুল বৰাই (New multi gym opening by Atul Bora) ৷ জীমটো মুকলি কৰাৰ লগতে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ পৰা অসম দলক প্ৰতিনিধিত্ব কৰা বিভিন্ন খেলৰ প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷