গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি ক’লে সাংসদ ৰিপুন বৰাই ? - garukhuti incident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13153324-643-13153324-1632411726174.jpg)
দৰং জিলাৰ গৰুখুটিৰ কাণ্ডৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ছিপাঝাৰত উচ্ছেদ কাৰ্যৰ প্ৰতিবাদ কৰা লোকৰ ওপৰত আৰক্ষী বাহিনীয়ে কৰা আক্ৰমণক বৰ্বৰ আৰু অমানৱীয় আচৰণ হিচাপে আখ্যা দিছে তেওঁ । তেওঁ কয় যে, '' যদি বেদখলকাৰীৰ মাজত কোনোবা বিদেশী আছে তেওঁলোকক চৰকাৰে চিনাক্ত কৰক আৰু চৰকাৰী নিয়ম-বিধি অনুসৰি বহিষ্কাৰ কৰক,তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু চৰকাৰী ভূমি বেদখল কৰিলেও যিসকল লোক ভাৰতীয় তেওঁলোকক উচ্ছেদৰ নামত আৰক্ষীয়ে আক্ৰোশমূলকভাৱে এনেদৰে অমানৱীয় আচৰণ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ।'' এই ঘটনাৰ বাবে বিজেপি চৰকাৰক জগৰীয়া আখ্যা দি সম্প্ৰতি ভাইৰেল হৈ পৰা এটি ভিডিঅ'ত এজন প্ৰতিবাদকাৰীক আৰক্ষীৰ এটা বৃহৎ বাহিনীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰি ধৰাশায়ী কৰাৰ পিছত হাতত কেমেৰা লৈ থকা আৰু অসামৰিক পোছাকত থকা এজন যুৱকে মানুহজনৰ ওপৰত জপিয়াই পৰা ঘটনাকলৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে ৷