অসমৰ ইতিহাস চৰ-চাপৰি ফালৰ পৰাই ঘূণে ধৰিছে : সাংসদ প্ৰদান বৰুৱা - MP Pradan Boruah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13201908-thumbnail-3x2-ghfh.jpg)
শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৰা উচ্ছেদক লৈ ৰাজ্যত এক বোকা ছতিওৱা ৰাজনীতি আৰম্ভ হৈছে । বিৰোধী ৰাজনৈতি দলে উচ্ছেদক লৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই ৰাজ্য চৰকাৰে এই উচ্ছেদ আৰম্ভ কৰিছে বুলি বহুতে কোৱা সময়ত মঙলবাৰে চৰাইদেউত উপস্থিত হৈ লক্ষিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই চৰকাৰে বেদখল মুক্ত কৰিব বুলি কোৱাৰ লগতে অসমৰ ইতিহাস চৰ চাপৰি ফালৰ পৰাই ঘূণে ধৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । আগৰ কোনো এখন চৰকাৰে চৰ-চাপৰি অঞ্চলত মনোনিবেশ কৰা নাছিল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যৰ প্ৰতিটো চুকে-কোণে নজৰ দিছে আৰু চৰকাৰে প্ৰতিটো স্থানকে সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ বুলিও কয় তেওঁ । "অখিল গগৈহঁত পৰিকল্পনাবিহীন" বুলি কটাক্ষ কৰি সাংসদ প্ৰদান বৰুৱাই কয় অখিল গগৈয়ে গাঁৱত এটা কথা কৈ মানুহক ডিচি অফিচত প্ৰতিবাদ কৰাবলৈ আনে আৰু প্ৰতিবাদ বেলেগ বিষয়ত কৰে বুলিও মন্তব্য কৰে তেওঁ ।