thumbnail

By

Published : Feb 23, 2021, 8:31 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰী হ'ব নোৱাৰি হতাশাত ভুগিছে মন্ত্ৰী শৰ্মা : গৌৰৱ গগৈ

ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৷ শাসকীয় বিজেপিৰ দলৰ ৰাজহুৱা সভাৰ বিপৰীতে কংগ্ৰেছ দলে আৰম্ভ কৰিছে অসম বচাও অভিযান ৷ এই অভিযানৰ অংশ হিচাপে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে জনীয়া বিধানসভা সমষ্টিত উপস্থিত হৈছে ৷ জনীয়া বজাৰৰ লগতে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ সাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে ৷ বিজেপিৰ পৰিবৰ্তনৰ শ্লোগানৰ পৰা ৰাইজে পৰিত্ৰাণ পাবলৈ পুনৰ কংগ্ৰেছ দলৰ চৰকাৰ বিচাৰে বুলি কয় সাংসদ গৰাকীয়ে ৷ অসম বচাও অভিযান কোন ভাষাৰ বুলি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰাক লৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মন্ত্ৰী শৰ্মা কোনো ভাষাবিদ নহয় আৰু তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰাৰ হতাশাত ভুগিছে ৷ জনীয়া বজাৰৰ একাংশ দোকানীৰ লগত মত বিনিময় কৰাৰ লগতে জনীয়া বজাৰৰ জেলেপীৰো সোৱাদ লয় সাংসদ গৌৰৱ গগৈয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.