ক’ভিড প্ৰতিৰোধৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন
🎬 Watch Now: Feature Video
মৰিগাঁও অসামৰিক চিকিৎসালয়ত 37 খন বিচনাকে ধৰি দলংঘাট, জাগীৰোড পেপাৰ মিল, জাগীৰোড নখোলা আদৰ্শ চিকিৎসালয়, লাহৰীঘাট আদৰ্শ চিকিৎসালয়, ভূৰবন্ধা প্ৰাথমিক চিকিৎসা খণ্ডকে ধৰি মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত পাঁচটা ক’ভিড চিকিৎসা কেন্দ্ৰত মুঠ 150 খন বিচনা সাজু কৰিছে মৰিগাঁও জিলা প্ৰশাসনে । এই বিষয়ে সদৰী কৰিছে জিলা ৰোগ নিয়ন্ত্ৰণৰ বিভাগৰ বিষয়া ডাঃ অৰুণ কুমাৰ নাথে । জিলাখনত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা 87 জনলৈ বৃদ্ধি পোৱা বুলি সদৰী কৰিছে বিষয়া গৰাকীয়ে । চৰকাৰ বা স্বাস্থ্য় বিভাগৰ দ্বাৰা ল’বলগীয়া সকলো ব্যৱস্থাৰ বিপৰীতে স্বাস্থ্য বিষয়া গৰাকীয়ে সকলো লোককে মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব নিয়ন্ত্ৰণ আৰু নিয়মীয়াকৈ হাত ধোৱাৰ বাবে আহ্বান জনায় ।