thumbnail

By

Published : Jul 19, 2021, 10:46 AM IST

ETV Bharat / Videos

তিতাবৰত লালিগুৰ জব্দ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ প্ৰতিদিনাই আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে বহু চুলাই বা ড্ৰাগছৰ ঘাটি ৷ কিন্তু আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা নাই ড্ৰাগছ তথা চুলাইৰ ব্যৱসায়ীক ৷ ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈ আছে সান্ধ্য আইন ৷ তাৰ মাজতে দেওবাৰে কেছাইখাইতী অঞ্চলত তিতাবৰত আৰক্ষীয়ে এক অভিযান চলাই চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত ১৮০০ কিলোগ্ৰাম লালিগুৰ আৰু ১২৫ কিলো ফিটকিৰি জব্দ কৰিবলৈ সক্ষম হৈছে ৷ লগতে এজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ এই সংক্ৰান্তত তিতাবৰত আৰক্ষীয়ে নিজাববিয়াকৈ তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.