জটিল ৰোগত আক্ৰান্ত লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা

By

Published : Oct 1, 2021, 5:27 PM IST

thumbnail

এক জটিল ৰোগত আক্ৰান্ত হৈ থকা নৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ৰহাৰ ফুলগুৰিস্থিত বাসগৃহত উপস্থিত হ'ল সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ বৃহস্পতিবাৰে সন্ধিয়া শৰ্মিষ্ঠাৰ বাসগৃহত উপস্থিত হৈ বিধায়ক গৰাকীয়ে শৰ্মিষ্ঠাৰ লগত কিছু বৰ্তালাপ কৰি স্বাস্থ্য সম্পৰ্কে বুজ ল‌য় ৷ উল্লেখ্য যে, প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা শৰ্মিষ্ঠা প্ৰীতম বৰুৱা মানসিকভাবে অত্যন্ত শক্তিশালী ৷ মানসিকভাৱে প্ৰৱল শক্তিশালী শৰ্মিষ্ঠা প্ৰীতমে হুইল চেয়াৰক সংগী কৰিয়ে অৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে সমন্তৰালকৈ সৃষ্টি কৰি গৈছে ইখনৰ পিচত সিখন গ্ৰন্থ ৷ তেওঁৰ গ্ৰন্থ‌ই ইতিমধ্যে লাভ কৰিছে বহু পুৰস্কাৰ ৷ শেহতীয়াকৈ শৰ্মিষ্ঠা স্পাইন মাচকলাৰ এট্ৰফি (SMA) নামৰ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে ৷ এই ৰোগৰ চিকিৎসা অত্যন্ত ব্যয়বহুল ৷ এই ৰোগৰ বাবে বছৰত প্ৰায় 72 লাখ টকাৰ ঔষধ প্ৰয়োজন আৰু চিকিৎসকৰ মতে পাঁচ বছৰীয়া চিকিৎসা ল'ব লাগিব ৷ শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয়বহুল চিকিৎসাৰ বাবেই থমকি ৰ'ব লগা হৈছে ৷ ফলত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছিল শৰ্মিষ্ঠাই ৷ শৰ্মিষ্ঠাৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই বিভিন্ন জন তেওঁৰ কাষত উপস্থিত হৈছেহি ৷ বিধায়ক ৰূপক শৰ্মাই শৰ্মিষ্ঠাৰ বাসগৃহত উপস্থিত হৈ কয় যে, স্পাইন মাচকলাৰ এট্ৰফি বিৰুদ্ধে শৰ্মিষ্ঠাৰ যুঁজ খনত আমাৰো সদায় সহযোগিতা থাকিব ৷ আশা কৰিছো নগাঁৱৰ গৌৰৱ এইগৰাকী প্ৰতিভাবান লেখিকা SMA ৰোগৰ বিৰুদ্ধে হোৱা যুঁজখনত জয়ী হৈ উঠিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.