ৰাইজক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান বিধায়ক বিনোদ হাজৰিকাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2021, 2:22 PM IST

গুৱাহাটী মহানগৰৰ পাচতেই ডিব্ৰুগড় জিলাতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । চৰকাৰ গঠন হোৱাৰ পাছতে বিধায়ক সকলে নিজ নিজ সমষ্টিলৈ আহি ক'ভিড প্ৰতিৰোধৰ বাবে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰিছে । লাহোৱালৰ নতুন বিধায়ক বিনোদ হাজৰিকাই গুৱাহাটীৰ পৰা আহিয়েই সমষ্টিৰ ৰাইজৰ মাজত ক'ভিডক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । বিধায়ক জনে চৰকাৰে ক'ভিড সম্বন্ধে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম পালন কৰিবলৈ সমষ্টিৰ ৰাইজক আহ্বান জনায় । আনহাতে, লাহোৱাল সমষ্টিত ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈ বহু কেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছে গতিকে ৰাইজক বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈও আহ্বান জনাই বিধায়ক গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.