thumbnail

By

Published : Jun 3, 2021, 9:30 PM IST

ETV Bharat / Videos

কৃষক ৰাইজৰ কাষত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন

পানীৰ অভাৱত সৰুপথাৰ সমষ্টিৰ কৃষকে কৃষিৰ কাম আগবঢ়াব পৰা নাই । সমষ্টিটোৰ সৰুপথাৰ আৰু বৰপথাৰৰ বিভিন্ন স্থানত থকা জলসিঞ্চন আঁচনিসমূহো বিকল হৈ থকাৰ বাবে পানীৰ যোগান ধৰিব পৰা নাই কৃষি ভূমিত । যাৰ ফলত বতৰৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ অপেক্ষাত মূৰে কপালে হাত দি থাকিব লগা হৈছে কৃষক সকলে । কৃষকৰ এনে দুৰ্দশাৰ সময়ত কৃষক ৰাইজৰ কাষত থিয় দিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন । জলসিঞ্চন, কৃষি আৰু বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে জলসিঞ্চন প্ৰকল্পসমূহ । বিধায়ক গৰাকীৰ উপস্থিতিত বিভাগীয় কৰ্তৃপক্ষই তিনিটাকৈ পানী যোগান আঁচনি কাৰ্যক্ষম কৰি তোলে । বিকল হৈ থকা অন্য পানী যোগান আঁচনিসমূহো তিনি দিনৰ ভিতৰত কাৰ্যক্ষম কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস প্রদান কৰে বিধায়কগৰাকীয়ে । সমষ্টিটোৰ অৰ্ন্তগত বৰপথাৰ আৰু সৰুপথাৰ অঞ্চলৰ ৭ টাকৈ পানী যোগান আঁচনি পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । কেৱল জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰাই নহয় এই দুৰ্যোগৰ সময়ত কৃষক ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠিয়া পৰাৰ কথাও সদৰী কৰে বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়কগৰাকীৰ এনে বলিষ্ঠ পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.