ভৱানীপুৰত বিজেপিয়ে জয় লাভ কৰিব : ৰণজিৎ কুমাৰ দাস - ৰণজিৎ কুমাৰ দাস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13250362-thumbnail-3x2-aaaaaa.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে পাঠশালাৰ বজালী জিলা বিজেপিৰ নাগৰিক সভাত উপস্থিত থাকিল অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । পাঠশালাৰ শ্ৰীৰাম একাডেমিত অনুষ্ঠিত নাগৰিক সভাত বজালী জিলাৰ বিভিন্ন বিশিষ্ট ব্যক্তিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই । ইপিনে মন্ত্ৰীগৰাকীয়ে শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী সন্দৰ্ভত মন্তব্য কৰে যে, বিজেপি চৰকাৰৰ শাসন চলি থকাৰ পিছতো কোনোবাই শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিব পাৰে, শাসনত বিজেপিৰ চৰকাৰ নাথাকিলে কি অৱস্থা কৰিলেহেতেন সেয়াহে এতিয়া এই অঞ্চলৰ ৰাইজে চিন্তা চৰ্চা কৰিবলগা বিষয় । আনহাতে ভৱানীপুৰত উপ-নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই উপ-নিৰ্বাচনত পূৰ্বতকৈ সাত হেজাৰৰো অধিক ভোট লাভ কৰি জয়ী হ’ব বিজেপি প্ৰাৰ্থী।