Assam energy institute ৰ প্ৰথম দীক্ষান্ত সমাৰোহ সম্পন্ন - chemical engineering
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে শিৱসাগৰৰ পলাশনীত থকা অসম শক্তি সংস্থানৰ(Assam energy institute) চৌহদত শিক্ষানুষ্ঠানখনৰ প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । সমাৰোহখনত কেমিকেল ইঞ্জিনিয়াৰিং(chemical engineering), মেকানিকেল(mechanical), পেট্ৰ'লিয়াম ইঞ্জিনিয়াৰিং(petroleum engineering) আদি বিভিন্ন কাৰিকৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা 210 গৰাকী শিক্ষাৰ্থীক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় । এই সমাৰোহত ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি ৰূপে উপস্থিত থাকে । ড৹ এছ শ্যাম সুন্দৰম সঞ্চালনাত অনুষ্ঠিত এই সমাৰোহখনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোঁহাই, অ'এন জি চি, অইল ইণ্ডিয়া লিমিটেড(oil india limited)ৰ উচ্চ পদস্থ বিষয়ববীয়া সকল উপস্থিত থাকে ।