খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব ! - ব্ৰহ্মপুত্ৰ বৰ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 9, 2020, 3:01 PM IST

ইতিমধ্যে বুঢ়ালুইতৰ খহনীয়াত সাতবাৰকৈ ভেটি হেৰুৱাইছে এইসকল নৈ পৰীয়া লোকে ৷ চকুৰ সমুখতে চপৰা চপৰকৈ খহি হেৰাই গৈছে সপোনৰ ঘৰখন ৷ চৰকাৰৰ কোটি টকীয়া আঁচনিয়ে ৰোধ কৰিব নোৱাৰা খহনীয়া ৰোধৰ বাবে এইবাৰ ব্ৰহ্মপুত্ৰৰ চৰণত মাংগলিক ৰীতি-নীতিৰে পূজ অৰ্চনা কৰিলে নৈ পৰীয়া ৰাইজে ৷ মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দ্বায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ ব্ৰহ্মপুত্ৰ বৰ্ডে ২০০৪ চনৰ পৰাই দায়িত্ব পালন কৰি আছে যদিও আজি পৰ্যন্ত দ্বীপ জিলা খনৰ খহনীয়া ৰোধ কৰিব পৰা নাই ৷ মাজুলীৰ ২৭ কিল'মিটাৰৰ লগতে শালমৰাৰ পৰা দক্ষিণপাটলৈ ২৩৭ কোটি টকাৰে জি'ও বেগ সংস্থাপনেৰে স্থায়ী সুৰক্ষাৰ দ্বায়িত্বত থকা টি কে কোম্পানীয়ে ১৮ মাহতে মাজুলী সুৰক্ষা আচনি শেষ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ৩ বছৰে শেষ নহ'ল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.