মৃত্যুৰে হাৰ মানিলে লুৰিণৰ মাতৃয়ে - লুৰিণজ্যোতি গগৈৰ মাতৃ
🎬 Watch Now: Feature Video
মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈয়ে ৷ বুধবাৰে নিশা প্ৰায় 10.30 বজাত ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমত ডুলু গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ তিনিচুকীয়াৰ নিজ গৃহৰ গোহালিত গাখীৰ খীৰাবলৈ গৈ উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোক হৈ বহু সময় গোহালিতে পৰি ৰৈছিল লুৰিণৰ মাতৃ ৷ ইয়াৰ পাছতে সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমত তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল ৷ মূৰৰ ভিতৰত অধিক তেজ নিৰ্গত হোৱাৰ লগতে বয়স 70 ৰ উৰ্ধৰ হোৱা বাবে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিব পৰা নাছিল চিকিৎসকে ৷ বুধবাৰে নিশা তেওঁৰ দেহাৱসান হোৱাৰ পাছত নিশাই তিনিচুকীয়াৰ লাইপুলিস্থিত নিজা গৃহলৈ লৈ যোৱা হয় লুৰিণৰ মাতৃৰ মৃতদেহ ৷