লুইত টি : সেউজ সোণেৰে জীৱন সোণালী কৰা লোহিত - লুইত টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3984964-thumbnail-3x2-jp.jpg)
এইজন ডিব্ৰুগড়ৰ লেঙেৰীৰ ডাৰোগাভেটি গাঁৱৰ লোহিত গগৈ ৷ অতি কম মূলধনেৰে যুৱকজনে প্ৰস্তুত কৰা লুইত টি নামৰ গ্ৰীন টিয়ে এতিয়া বজাৰত চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ন্যূনতম সা-সুবিধাৰ মাজতে অতি পিছপৰা গাঁৱৰ এইজন যুৱকে এতিয়া ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে চাহৰ পৃথিৱীৰ সবাতোকৈ জনপ্ৰিয় গ্ৰীণ টি ৷ 2015 চনৰ পৰা নিজৰ মাত্ৰ তিনি বিঘা মাটিত জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি ঘৰতেই প্ৰস্তুত কৰা বিশেষ আহিলাৰ জৰিয়তে বজাৰলৈ উলিয়াই দিছে লুইত টি ৷