গোলাঘাটৰ বেতিয়নী কাকতি গাঁৱত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - leopard caged
🎬 Watch Now: Feature Video

সোমবাৰে পুৱা গোলাঘাটৰ বেতিয়নী কাকতি গাঁৱত পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী । পুৱাই বাঘ চাবলৈ ভীৰ কৰিলে অঞ্চলটোৰ পুৰুষ-মহিলা আৰু কণ কণ শিশুৱে । গোলাঘাটৰ বগৰীজেং নৰা গাঁও, বেতিয়নীৰ এটা বৃহত্তৰ অঞ্চলত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । অঞ্চলটোৰ ৰাইজৰ গৰু, ছাগলী, গাহৰি আদি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । এই বাঘটো পিঞ্জৰাবদ্ধ হোৱাত কিছু স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে ৷ অৱশ্যে অঞ্চলটোত আৰু অধিক বাঘ থকাৰ আশংকা কৰিছে ৰাইজে । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা দুটা বছৰত অঞ্চল কেইটাৰ পৰা মুঠ ১২ টা বাঘক পিঞ্জৰাবদ্ধ কৰা হয় ৷