Mob Lynching in Jorhat : উকীলে নলয় অভিযুক্তৰ গোচৰ - Kola lora jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13786799-thumbnail-3x2-kj.jpg)
যোৰহাটত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰ (Mob lynching in Jorhat) অভিযুক্তৰ হৈ ওকালতি নকৰে জিলাখনৰ উকীলসকলে ৷ যোৰহাট জিলা উকীল সন্থাই জানিবলৈ দিছে এই কথা (Jorhat lawyer refused to defend mob lynching case)৷ সোমবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত হৈছিল গণ প্ৰহাৰৰ এক ঘটনা (Jorhat mob lynching case)৷ য’ত মৃত্যু হৈছিল গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ ৷ ইয়াৰ পাচতে আৰক্ষীয়ে 13 গৰাকী অভিযুক্তক আটক কৰে ৷ কিন্তু বুধবাৰে পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পালয়ন কৰিব খোজোতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ ৷