thumbnail

পুৰণিগুদামত লক্ষ্মী পূজা পালন

By

Published : Oct 21, 2021, 10:01 AM IST

বুধবাৰে ৰাজ্যজুৰি পালন কৰা হয় লক্ষ্মী পূজা ৷ কৰ’ণা ত্ৰাসৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে লক্ষ্মী পূজা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ প্ৰতিমা খ্যাত পূজা মণ্ডপত বুধবাৰে লক্ষ্মী পূজা অনুষ্ঠিত হয় । ১২১ বছৰ গৰকা ঐতিহ্যমণ্ডিত পুৰণিগুদাম পূজা মণ্ডপত এইবাৰ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আনুষ্ঠানিকতা ৰক্ষা কৰি পালন কৰা হয় লক্ষ্মী পূজা ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰে পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজাস্থলী ৷ ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ প্ৰতিমাত ধূপ, দীপ, নৈবেদ্য আগবঢ়াই সেৱা লয় ভক্তসকলে । উল্লেখ্য যে, পুৰণিগুদামৰ এই কাঠৰ প্ৰতিমা ১৯০১ ত প্ৰসিদ্ধ শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে নিৰ্মাণ কৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.