বাজেট হিতাধিকাৰীৰ পক্ষে হ’লে কংগ্ৰেছৰ আপত্তি ক’ত ? : দিগন্ত কলিতা

By

Published : Jul 18, 2021, 2:11 PM IST

thumbnail
বিৰোধী দলসমূহে নতুন বাজেটখনক হিতাধিকাৰী (benificery) সৃষ্টি কৰা বাজেট বুলি অভিহিত কৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰে কমলপুৰ সমষ্টি (Kamalpur lac)ৰ বিধায়ক দিগন্ত কলিতাই । অসমৰ দুখীয়া জনসাধাৰণৰ সকাহৰ বাবে প্ৰস্তুত কৰা বাজেটখন যদি হিতাধিকাৰী সৃষ্টি কৰা বাজেট হয় তেন্তে কিহৰ আপত্তি । কংগ্ৰেছ দলৰ মাজত কোনো ধৰণৰ বুজাবুজি নাই বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে । লগতে ২০২ ত অসমত কংগ্ৰেছ শূণ্য হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে । কমলপুৰৰ বাইহাটা শিৱশক্তি সংঘত উত্তৰ কামৰূপ জিলা কিষাণ মৰ্চাৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰ(covid vaccination center) মুকলি কৰি এই মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই । ইয়াৰ লগতে, ক’ভিড ভেকচিন লোৱাৰ বাবে সমষ্টিৰ লোক সকলৰ আগ্ৰহ দেখি আনন্দ প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.