অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ - অসম আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 11, 2021, 1:37 PM IST

অসম আৰক্ষীক সকীয়নি সাংসদ তাছাৰ । একাউন্টিবিলিৰ ওপৰত প্ৰশ্ন সাংসদ তাছা (MP Kamakhya Prasad Tasa)ৰ । বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা আৰু ইয়াৰ পিছত ৰাজ্য বিভিন্ন জিলা সমূহত ড্ৰাগছৰ দম । আৰক্ষীয়ে দিনে নিশাই জব্দ কৰিবলৈ সক্ষম হৈছে মৰাত্মক ড্ৰাগছ(Drugs)। নৱপ্ৰজন্মক ধ্বংশৰ গৰাহলৈ থেলি দিয়া এই মৰাত্মক ড্ৰাগছ(Drugs) জব্দ আৰু ড্ৰাগছ ব্যৱসায় লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া প্ৰশ্ন তুলিছে আৰক্ষীৰ বিৰুদ্ধে । ৰমেন ডেকাৰ পাচত আৰক্ষীৰ দায়বদ্ধতাৰ উপৰত প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা (MP Kamakhya Prasad Tasa)ই । ইফালে সাংবাদিকৰ আগত সাংসদ তাছা(MP Kamakhya Prasad Tasa)ই বিজেপি(BJP) দলৰ সভাপতি পদৰ বাবে তেওঁৰ লিপ্সা নাই বুলি মন্তব্য কৰিছে ৷ বহু সময়ত তেওঁৰ বিষয়ে বহু কথা ওলাই থাকে, কিন্তু তেওঁ কোনো পদবী বিচৰা নাই । বিজেপি(BJP) দলে সকলো নেতাকে যোগ্যতাৰ ওপৰত যথাযোগ্য স্থান দিছে ৷ তেওঁ ৰাজ্যিক সভাপতিৰ দৌৰত নাই অথবা সভাপতি বিচৰাও নাই বুলি মন্তব্য প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.