thumbnail

By

Published : Apr 3, 2021, 1:21 PM IST

ETV Bharat / Videos

বকোত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে বকো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ শুকুৰবাৰে বকোৰ সুৱৰি মঞ্চৰ খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । অগপৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনী প্ৰচাৰ চলায় । ভাষণ প্ৰসংগত বিজেপিৰ সভাপতি গৰাকীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে, ৰাহুল গান্ধীয়ে বিদেশৰ (টাইৱান, শ্ৰীলংকা) চাহ বাগানত ফটো উঠি ভাৰতত প্ৰচাৰ কৰে । আনহাতে টাইৱান, শ্ৰীলংকাৰ অসমৰ চাহ বাগিছাৰ বিষয়ে জ্ঞান নাই ৷ মাৰ্চ মাহত চাহ পাত নোতোলে বুলিও তাচ্ছিল্য সূচক মন্তব্য কৰে জে পি নাড্ডাই । নিৰ্বাচনী প্ৰচাৰ সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.