প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

🎬 Watch Now: Feature Video

thumbnail
সঁচাই এক দুঃসাহসিক তথা ৰোমাঞ্চকৰ যাত্ৰা । নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব আপুনি ৷ ভৰ বাৰিষাৰ আৰম্ভণিত ওফন্দি উঠা বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত এক দুঃসাহসিক শিহৰণকাৰী যাত্ৰা কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এক উদ্যমী তথা প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈ ওৰফে বুমণিয়ে । ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত ভৰ বাৰিষা, ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজেৰে এই দুঃসাহসিক তথা শিহৰণকাৰী যাত্ৰা হ'ব কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত । এই যাত্ৰা কোনো কাঠৰ নাও বা জাহাজ, বাঁহ বা কলৰ ভূৰৰে নহয় ৷ সোমবাৰে পেলনীয়া প্লাষ্টিক বটলৰ নাৱৰ জৰিয়তে নদীদ্বীপ মাজুলী যাত্ৰা যুৱকজনৰ । বিশেষকৈ পেলনীয়া সামগ্ৰীৰে পূজাৰ সময়ত প্ৰতিমূৰ্তি, ঘৰৰ ড্ৰয়িংৰুমৰ বাবে আকৰ্ষণীয় বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাও বিভিন্নজনৰ নিচা কিন্তু প্লাষ্টিকৰ পেলনীয়া বটলৰ জৰিয়তে নিৰ্মাণ কৰা বিশেষ নাওৰ সহায়ত দুঃসাহসিক যাত্ৰা কৰা অসমত হয়তো এয়ে হ'ব প্ৰথম । বাৰিষা ওফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ বগীবিল দলং প্ৰাংগণৰ পৰা সুদুৰ নদীদ্বীপ মাজুলীলৈকে এক দুঃসাহসিক যাত্ৰা কৰিব ধীৰাজ বিকাশ গগৈ নামৰ উদ্যমী যুৱক গৰাকীয়ে । 'প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ' আৰু 'নদী পৰ্যটন'ক থিম হিচাপে লৈ ডিব্ৰুগড় বগীবিলৰ পৰা নদীদ্বীপ মাজুলীলৈ যাত্ৰা কৰিব তেওঁ । বগীবিলৰ অপৰূপ সৌন্দৰ্যস্থলীত বনভোজ খাই এৰি যোৱা প্লাষ্টিকৰ বটলসমূহ বিগত তিনিমাহে বুটলি প্ৰায় ১,৬০০ টা আধা লিটাৰৰ বটলৰ জৰিয়তে যুৱকজনে নিৰ্মাণ কৰি উলিয়াইছে এই দৃষ্টিনন্দন প্লাষ্টিকৰ বটলৰ নাওখন ।
Last Updated : Jun 21, 2021, 10:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.