লাভলীনালৈ গীত উপহাৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাৰ - journalist ramen bora
🎬 Watch Now: Feature Video
অসম পালেহি ব্ৰঞ্জ কন্যা লাভলীনা বৰগোহাঁই ৷ বিভিন্নজনে লাভলীনাক জনালে সম্বৰ্ধনা আৰু শুভকামনা ৷ অসম জীয়ৰী লাভলীনা বৰগোঁহাই মাতৃভূমিলৈ অহাৰ প্ৰাকক্ষণত বুধবাৰে সন্ধ্যা গহপুৰত মুক্তি লাভ কৰিলে ‘অসমী আইৰে কন্যা তুমি লাভলীনা' শীৰ্ষক গীতে । গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভালক্ষ্মী দত্তই তেখেতৰ কাৰ্যালয়তে আনুষ্ঠানিকভাৱে উন্মোচন কৰে উক্ত গীতটো । গহপুৰৰ স্থানীয় সংবাদদাতা ৰমেন বৰাই লিখা গীতটোত কণ্ঠদান কৰিছে নাৰায়ণপুৰৰ উদীয়মান কণ্ঠশিল্পী কৃশাংকু জ্যোতি শইকীয়াই । বিহপুৰীয়াৰ সংগীত শিল্পী পংকজ বৰুৱাই সুৰ কৰা গীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছে মানস প্ৰতীম বৰাই । অসম কন্যা লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপনেৰে মুক্তি গীতটোৱে শ্ৰোতা ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী কণ্ঠশিল্পী কৃশাংকু জ্যোতি শইকীয়া ।