শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ সভা মহোৎসৱ আৰম্ভ - আৰম্ভ হ’ল শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ সভা মহোৎসৱ
🎬 Watch Now: Feature Video

নামনি অসমৰ ভিতৰতে এখন বিখ্যাত সভা হৈছে ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ সভা মহোৎসৱ । শুকুৰবাৰে পৰা আৰম্ভ হৈছে এই সভা মহোৎসৱ । শুকুৰবাৰে সভাৰ প্ৰথম দিনটোত পালন কৰা হয় সভাৰ গন্ধ । পৰম্পৰাগত নিয়ম অনুসৰি পালন কৰা হয় গোঁসাই উলিওৱা উৎসৱ । সৰ্থেবাৰীৰ বিভিন্ন চুবুৰীৰ গোঁসাই ঘৰত থকা গোঁসাইৰ বিগ্ৰহ সমূহ উলহ-মালহেৰে সমদল কৰি উলিয়াই আনি বৰ নামঘৰত প্ৰতিষ্ঠিত কৰা হয় । উল্লেখ্য যে, শনিবাৰে আয়োজিত হ’ব হোম যজ্ঞৰ অনুষ্ঠান । ১০৮ গৰাকী ব্ৰাহ্মণে পূৰ্ণাহুতি প্ৰদান কৰি হোম যজ্ঞৰ সমাপন কৰিব । এই সভা মহোৎসৱ 5 মাৰ্চলৈ চলিব ।