এইবাৰ তিতাবৰত সহজ নহ'ব তৰুণ গগৈৰ নিৰ্বাচনী যুঁজ..

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2020, 2:25 PM IST

যোৰহাট, 14 ছেপ্তেম্বৰঃ সমাগত বিধান সভা নিৰ্বাচন ৷ ইতিমধ্যে শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টী, প্ৰধান বিৰুধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ সকলো ৰাজনৈতিক দলকেই সমষ্টিয়ে-সমষ্টিয়ে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ এনেক্ষেত্ৰত ৰাজ্য খনৰ উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধান সভা সমষ্টিৰ সমূহৰ ভিতৰত এটা অন্যতম সমষ্টি হৈছে তিতাবৰ বিধানসভা সমষ্টি । কাৰণ সুদীৰ্ঘ সময়ৰ বাবে এই সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে প্ৰক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তৰুণ গগৈয়ে ৷ এই সমষ্টিক প্ৰতিনিধিত্ব কৰিয়েই তিনিটা কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ লগতে বৰ্তমানো এই সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যভাৰ চম্ভালি আছে তৰুণ গগৈয়ে ৷ সুদীৰ্ঘ সময়ৰ বাবে কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে বিবেচিত হৈ অহা এই সমষ্টিত বহু চেষ্টা কৰিও আজি পৰ্যন্ত আন্য কোনো এটা দলেই ভেটি মজবুত কৰিবলৈ সক্ষম হোৱা নাই যদিও এইবাৰ তিতাবৰ সমষ্টি দখল কৰিবলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে বিজেপি দলে ৷ এইবাৰ তিতিবৰ সমষ্টিত কংগ্ৰেছৰ দুৰ্গ খহাবলৈ বিশেষ প্ৰাৰ্থীৰ সন্ধান কৰিছে বিজেপি দলে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰোধিবলৈ এইবাৰে অগপ বিজেপি মিত্ৰদলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব পাৰে তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা ৷ পূৰ্ৱৰ অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত 1996 চনৰ পৰা 2001 চনলৈক তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী অগপ বিধায়ক হেমন্ত কলিতাই ৷ ইতিমধ্য হেমন্ত কলিতাই তিতাবৰ সমষ্টিৰ গাঁৱে-গাঁৱে প্ৰৱেশ কৰি সৰু-সৰু মিটিং পাতি নিজৰ ভেটি মজবুট কৰিবলৈ ওঠি-পৰি লাগিছে ৷ তিতাবৰৰ বিখ্যাত চাউল, ৰেচম শিল্প, গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ ৰাজ্য খনৰ বাবেই এক গুৰুত্বপূৰ্ণ সমল আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এইক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে ৷ ইয়াৰোপৰি বৃহত্তৰ পানী যোগান আচনিকে ধৰি বিভিন্ন পৰ্যায়ৰ আন্তগাঠনি উন্নয়নৰ ক্ষেত্ৰত বিফল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ এনেক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তৰুণ গগৈয়ে কৰা এনেবোৰ ভুলৰ সুযোগ গ্ৰহণ কৰিবলৈ তৎপৰ হৈ পৰিছে অগপ-বিজেপি মিত্ৰযোঁটৰ সাম্ভাব্য প্ৰক্ষেপিত প্ৰাৰ্থী হেমন্ত কলিতা ৷ তিতাবৰ সমষ্টিত তৰুণ গগৈৰ জনপ্ৰিয়তা আৰু শক্তিশালী গণভিত্তি ওফৰাবলৈ সক্ষম হ'বনে মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীয়ে ৷ সমষ্টিটোৰ সুদীৰ্ঘকালৰ জনপ্ৰিয় নেতাগৰাকীক ৰোধিবলৈ কি হ'ব মিত্ৰজোটৰ নিৰ্বাচনী ৰণকৌশল ৷ এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি হেমন্ত কলিতাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ..

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.