তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়াকৈ আয়োজন কৰা হৈছে হলৌ দিৱস - International Gibbon Day celebrations
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13439818-thumbnail-3x2-hhshhs.jpg)
তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো-ন-মতাপুং পুৰণি বিহুখোলাৰ প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ৷ অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত, বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ বাৰেকুৰি আঞ্চলিক সমিতি, গ্ৰীণ ভিজন এন ইৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়, দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘ আৰু ন-মটাপুং সুৰুযজ্যোতি যুৱ সংঘৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ৷ বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ বান্দৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা লক্ষ্যৰে উদযাপন কৰা হৈছে হলৌ দিৱস ৷