India after Independence and Vision 2047 : টীয়কত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ - টীয়কত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13810920-thumbnail-3x2-teok.jpg)
টীয়কত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত দুদিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত হৈ যায়(National Level Discussion held in Teok) । এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে ৷ মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা লগতে অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মণ্ডলৰ সহযোগত "India after Independence and Vision 2047" শীৰ্ষক বিষয়ত এই আলোচনা চক্ৰ আয়োজিত কৰা হৈছিল ৷ এই আলোচনা চক্ৰখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনিয়ে ৷ ইয়াৰোপৰি এই সভাত মুখ্য অতিথিৰূপে কলেজ অৱ এডভাঞ্চ ষ্টাডিজ, গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সঞ্চালক ড৹ প্ৰকাশ বীৰ খাত্ৰিয়ই অংশগ্ৰহণ কৰে । লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড৹ লীলাকান্ত নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড৹ চন্দন কুমাৰ শৰ্মা, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ দীপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট অধ্যাপক উপস্থিত থাকে ।