ভাৰত ত্যাগ আন্দোলনৰ বলিষ্ঠ নেত্ৰী কনকলতা বৰুৱালৈ প্ৰণিপাত... - Independence Day special kanaklata baruah etv bharat news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12776612-thumbnail-3x2-kanaktala.jpg)
দেশৰ স্বাধীনতা লাভৰ আজি 75 বছৰ সম্পূৰ্ণ ৷ 1942 ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ কথা মনলৈ আহিলেই আমি নাম ল’ব লাগিব এগৰাকী বীৰাংগনাৰ ৷ নাম কনকলতা বৰুৱা ৷ বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই ৷ 1942 ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ ভিতৰত কনিষ্ঠ মহিলা তথা প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱালৈ স্বাধীনতা দিৱসৰ দিনটোত সশ্ৰদ্ধ প্ৰণিপাত ৷