দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত স্বাধীনতা দিৱস পালন - কুকুৰা কণী উৎপাদন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 16, 2021, 7:58 PM IST

দেওবাৰে বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ লগতে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডেও দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অইলৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকটকী । অইলৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । আনহাতে, ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৫ সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে শক্তি মন্ত্ৰী বিমল বৰা । এই অনুষ্ঠানতে মৰাণৰ লেঙেৰী কাৱৈমাৰী গাঁৱৰ উদ্যমী মহিলা নয়নমণি সোণোৱালক সম্বৰ্ধনা জনোৱা হয় । কুকুৰা কণী উৎপাদনৰ বাবে ঘৰতে ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ লগতে নয়নমণি সোণোৱালে আনকো দেখুৱাইছে জীৱিকা নিৰ্বাহৰ পথ । বিগত বৰ্ষৰ নৱেম্বৰ মাহত ফাৰ্মখন আৰম্ভ কৰিছিল মহিলাগৰাকীয়ে আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কণীৰ উৎপাদন আৰম্ভ হৈছে । বৰ্তমান ফাৰ্মখনত ৮৫০ জনী বিভি ৩০০ প্ৰজাতিৰ কুকুৰা আছে । ফাৰ্মখনত দৈনিক ৭৩০ টা কণী উৎপাদন হয় । সমগ্ৰ ডিব্ৰুগড় জিলাতে কণী যোগান ধৰাৰ উদ্দেশ্যে কাম আৰম্ভ কৰিছে নয়নমণি সোণোৱালে । এই উদ্যমী মহিলাগৰাকীৰ কামক উৎসাহিত কৰাৰ বাবে স্বাধীনতা দিৱসৰ শুভ ক্ষণত ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । লগতে এই ক্ষেত্ৰত আগুৱাই যাব পৰাকৈ মন্ত্ৰী বিমল বৰাৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনেও সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াৱ বুলি নয়নমণি সোণোৱালক প্ৰতিশ্ৰুতি দিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.