thumbnail

বি টি এ ডিৰ পৰ্বতঝোৰাত চোৰাং কাঠ জব্দ

By

Published : Oct 25, 2021, 10:29 PM IST

ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত তথা বি টি এডিৰ পৰ্বতঝোৰা গাৰোপাৰা অঞ্চলৰ পৰা সোমবাৰে পৰ্বতঝোৰা বন বিভাগে মূল্যবান কাঠৰ কুন্দাভৰ্তি এখন ট্ৰেক্টৰ এখন জব্দ কৰিবলৈ সক্ষম হয় । পৰ্বতঝোৰা বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া জয়ন্ত কুমাৰ ব্ৰহ্মৰ এক গোপন তথ্যৰ ভিত্তিত পৰ্বতঝোৰাৰ প্ৰটেক্সন ৰেঞ্জাৰ বিষয়া ৰাজীৱ দত্তৰ নেতৃত্বত বন বিভাগৰ এটি দলে জব্দ কৰে কাঠখিনি ৷ বন বিভাগৰ দলটোৱে সাধাৰণ নাগৰিক পোচাকত উক্ত গাৰোপাত অঞ্চলত টহল দি এ এছ ১৭চি ০৬২৩ নম্বৰৰ ট্ৰেক্টৰৰ পৰা মূল্যবান কাঠৰ কুন্দাখিনি জব্দ কৰে ৷ বন বিভাগৰ দলে জব্দকৃত চোৰাং কাঠখিনিসহ ট্ৰেক্টৰখন ছুপাৰীঘাট বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায় । জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লাখ টকা বুলি জানিব পৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.