লাংকাঁচিত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা প্ৰায় ৩৫০ লিটাৰ কণ্ডেঞ্চ তেল - চোৰাংভাৱে সৰবৰাহ কৰা প্ৰায় ৩৫০ লিটাৰ কণ্ডেঞ্চ তেল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14044228-thumbnail-3x2-tinsukia.jpg)
তিনিচুকীয়াৰ লাংকাঁচি আৰক্ষীৰ বৃহৎ সাফল্য ৷ বুধবাৰে পুৱতি নিশা লাংকাঁচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা দল এটাই অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত ডিমৰুহোলা গাঁৱৰ পৰা জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰা প্ৰায় ৩৫০ লিটাৰ কণ্ডেঞ্চ তেল (Illegal condensed oil seized in Tinsukia at Dimaruhula) ৷ লগতে আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় AS-06-B-5527 নম্বৰৰ এখন হোণ্ডাই চেণ্ট্ৰ’ বাহন ৷ অৱশ্যে এই সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ দলটোৱে ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, জব্দকৃত হোণ্ডাই চেণ্ট্ৰ’ বাহনখনৰ ভিতৰতে আছিল কণ্ডেঞ্চ তেলখিনি ৷ ইতিমধ্যে এই তেলভৰ্তি বাহনখনৰ বিৰুদ্ধে অইল ইণ্ডিয়াৰ নিৰাপত্তা বাহিনীয়ে লাংকাঁচি আৰক্ষী চকীত উপস্থিত হৈ দাখিল কৰিছে এখন এজাহাৰ । উল্লেখ্য যে, লাংকাঁচি আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া হিচাবে যোগদান কৰাৰ তিনিদিন নৌহওঁতেই ৰঞ্জিত কুমাৰ বৰাৰ এই সফলতাক শলাগ জনাইছে অঞ্চলটোৰ ৰাইজে ।