thumbnail

By

Published : Dec 23, 2021, 10:55 PM IST

ETV Bharat / Videos

Illegal business of blood: নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত তেজৰ ক'লা বেহাৰ অভিযোগ

নগাঁৱৰ জি ডি ৰিচাৰ্ছ চেন্টাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে তেজৰ ক'লা বেহাৰ অভিযোগ (Illegal business of blood in Nagaon)। ৰক্তদানক জীৱন দান বুলি কোৱা হয় যদিও এই তেজেৰে ক'লা বেহা চলোৱাৰ অভিযোগ উঠিছে নগাঁৱৰ জি ডি ৰিচাৰ্ছ চেন্টাৰৰ চিকিৎসালয়ৰ বিৰূদ্ধে । ৰোগীৰ বাবে ৰক্তদাতা থাকিলেও চিকিৎসালয় কৰ্তৃপক্ষই ভয় ভাবুকিৰে টকা দাবী কৰাৰ অভিযোগ তুলিছে ৰোগীৰ আত্মীয়ই ৷ মঙ্গলবাৰে আবুল কালাম আজাদ নামৰ এজন লোকে পত্নীক ভৰ্তি কৰিছিল চিকিৎসালয়খনত । তেজৰ প্ৰয়োজন হোৱাত দাতাৰ ব্যৱস্থা কৰিছিল যদিও চিকিৎসালয়খনৰ ব্লাডবেংকত ৰক্তদাতাক নানান ভয় ভাবুকি দেখুৱাই তাৰ পৰা আঁতৰাই পঠিয়ায় । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ অজয় দাস নামৰ এগৰাকী কৰ্মীয়ে টকাৰ বিনিময়ত তেজৰ যোগান ধৰাৰ কথা অৱগত কৰে ৰোগীৰ আত্মীয়ক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.