thumbnail

কলকলিঘাটত উদ্ধাৰ পৌৰাণিক হনুমান মন্দিৰ

By

Published : Dec 30, 2021, 10:01 PM IST

Updated : Dec 30, 2021, 10:06 PM IST

বৃহস্পতিবাৰে পাথাৰকান্দি সমষ্টিৰ কলকলিঘাটত উদ্ধাৰ হৈছে প্ৰায় এশ বছৰ পুৰণি এটা হনুমান মন্দিৰ (Hundred years old hanuman temple in Karimganj) ৷ মাটি খান্দি থাকোতেই এজন স্থানীয় ৰাইজে উদ্ধাৰ কৰে প্ৰাচীন মন্দিৰটো ৷ প্ৰবাদ অনুসৰি, স্বাধীনতাৰ পূৰ্বে এই অঞ্চলটো আছিল তেতিয়াৰ বাংলাদেশৰ সুৰমা উপত্যকা (Surma Valley of Bangladesh) ৷ বৰ্তমান ইয়াত বসবাস কৰা লোকসকলে বাংলাদেশৰ বিপৰীতে ভাৰতবৰ্ষহে নাগৰিক হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল ৷ যাৰ বাবে এই হনুমান মন্দিৰটোৰ কাষতে যথেষ্ট আন্দোলনো হৈছিল ৷ এটা কথা ক’ব পাৰি যে, ভাৰত-বাংলাদেশৰ বহু ঘাট-প্ৰতিঘাতৰ সাক্ষী এই হনুমান মন্দিৰটো ৷ কিন্তু কালৰ সোঁতত এই মন্দিৰটো পোত যায় মাটিৰ তলত ৷ যি মন্দিৰটোৰ ধ্বংসাৱশেষ বৃহস্পতিবাৰে উদ্ধাৰ কৰে অঞ্চলবাসী ৰাইজে ৷
Last Updated : Dec 30, 2021, 10:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.