খেতিপথাৰত বিষক্ৰিয়া হৈ পুনৰ মৃত্যু শতাধিক চৰাই - birds dead
🎬 Watch Now: Feature Video
পূৱ বিলাসীপাৰাৰ চাপৰৰ ঘুনীমাৰীত অঘটন ৷ খেতিপথাৰত পৰি ৰৈছে শ শ কপৌ আৰু পাৰ চৰাই ৷ ৰাইজৰ অভিযোগ, খেতিপথাৰত বিষ দিয়াৰ বাবেই মৃত্যু হ’ল অৰ্ধ শতাধিক কপৌ আৰু পাৰ চৰাইৰ ৷ অঞ্চলবাসীৰ অভিযোগ, জিয়াল হক নামৰ এজন ব্যক্তিয়ে তেওঁৰ মূলা খেতিত ব্যৱহাৰ কৰিছে বিষ ৷ ফলত এই খেতিডৰাৰ শষ্য সেৱন কৰাৰ ফলতেই মৃত্যু হৈছে শতাধিক পক্ষীৰ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি চাপৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী আৰু বন বিভাগক ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ ৰাইজৰ দাবী, শীঘ্ৰে দোষীক আৰক্ষীয়ে কাৰায়ত্ব কৰক ৷