বৰপেটাত 84 বস্তা চোৰাং চাউল জব্দ - বৰপেটা চাউল ভৰ্তি বাহন জব্দ
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ নিৰ্দেশকো গুৰুত্বহীন কৰিছে একাংশ চৰকাৰী সুলভ মূল্যৰ দোকানীয়ে । চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰি হিতাধিকাৰীৰ মুখৰ চাউল কাঢ়ি মুকলি বজাৰত বিক্ৰী কৰি আছে একাংশ দুস্কৃতিকাৰীয়ে ৷ শেহতীয়াকৈ বৰপেটা জিলাৰ ভেৰালদিত এখন বলেৰ’ পিক আপ ভানত জব্দ হৈছে বৃহৎ পৰিমাণৰ মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউল । হিতাধিকাৰীৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ বাবে গাড়ীত ভৰ্তি কৰি থকাৰ সময়তে গাঁওৰক্ষী বাহিনীৰ সহযোগত বৰপেটা আৰক্ষী(Barpeta Police)য়ে জব্দ কৰে 84 বস্তা চাউল ৷ ভেৰালদি আৰু উত্তৰ ভেৰালদি গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে পুৱতি নিশা 3 বজালৈ পহৰা দি চোৰাং চাউল ভৰ্তি বলেৰ’ পিক আপ ভানখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে । আৰক্ষীয়ে বাহনসহ চাউলখিনি জব্দ কৰি বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যায় যদিও অভিযুক্ত সুলভ মূল্যৰ দোকানীজনক বৰ্তমানেও কৰায়ত্ব কৰিব পৰা নাই ।