ছিকাঞ্জিঃ মচলাযুক্ত নেমুৰসৰ শীতল পানীয়
🎬 Watch Now: Feature Video
গৰমৰ দিনত বাহিৰৰ পৰা ঘূৰি-পাকি আহি নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন সকলোৱে অনুভৱ কৰে। ছিকাঞ্জি হৈছে নেমুৰসেৰে তৈয়াৰী এক শীতল পানীয় ৷ নেমু ৰস,সোৱাদ অনুসৰি ক'লা নিমখ আৰু জীৰাগুৰি মিহলাই এই পানীয়বিধ তৈয়াৰ কৰা হয় ৷ গ্ৰীষ্ম কালত শৰীৰৰ তাপমাত্ৰা বজাই ৰখাত এই পানীয়ই সহায় কৰে ৷ লগতে এই পানীয়ত ব্যৱহৃত ক'লা নিমখে পাচন প্ৰক্ৰিয়াটো সহায় কৰে ৷ পৰিৱেশনৰ সময়ত ছিকঞ্জিত সতেজ পদিনাৰ পাত আৰু বৰফৰ টুকুৰা দি এই পানীয়ৰ মজা লওক ৷