বৰ্ণিল শোভাযাত্ৰাৰে দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ - Government Model College Deithor inaugurates College Week
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14134204-thumbnail-3x2-diphu.jpg)
শনিবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰথম মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হৈছে ৷ এই উপলক্ষে শনিবাৰে পুৱাৰ ভাগত মহাবিদ্যালয়খনৰ চৌহদৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে (Government Model College Deithor inaugurates College Week with cultural rally) ৷ দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ দীপক কুমাৰ বৰাই কয় যে, শনিবাৰৰ দিনটো দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ বাবে এক ঐতিহাসিক দিন হিচাবে বিবেচনা কৰা হৈছে ৷ মহাবিদ্যালয়খনৰ প্ৰথম মহাবিদ্যালয় সপ্তাহ হিচাপে উদযাপন কৰিবলৈ পাই তেওঁ গৌৰাৱন্বিত ৷ মহাবিদ্যালয়ৰ এই সাংস্কৃতিক শোভাযাত্ৰাত কাৰ্বি নৃত্য, বিহু নৃত্য, নেপালী নৃত্য, আদিবাসী নৃত্য আদিকে ধৰি বিভিন্ন জাতিগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় ৷