মাহমৰা প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ - ৰূপালী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11414084-thumbnail-3x2-img.jpg)
বৃহস্পতিবাৰে মাহমৰা প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় ‘আমাৰ অতিথি অনুষ্ঠান’ ৷ চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ মাহমৰা প্ৰেছ ক্লাবত আয়োজিত এই বিশেষ অনুষ্ঠানত জিলাখনৰ ৰাঙলী থানপথাৰ অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী, ভ্ৰাম্যমাণ থিয়েটাৰৰ উজনি অসমৰ প্ৰথমগৰাকী প্ৰযোজক ভৱকান্ত দত্তক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰে সভাপতিত্ব কৰা আৰু সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা সভাত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকি বিশিষ্ট ব্যক্তি গৰাকীৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে । সভাত সাংস্কৃতিক কৰ্মী ভৱকান্ত দত্তই ভাষণ প্ৰসংগত কৰ্ম জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতা, ভ্ৰাম্যমাণ থিয়েটাৰ ৰূপালীৰ জন্মৰ ইতিহাস আৰু থিয়েটাৰকালীন অভিজ্ঞতা বিস্তৃত্বভাৱে ৰাইজৰ আগত প্ৰকাশ কৰে ।