Uruka Fish market at Lakhimpur : লখিমপুৰত কিনকিনীয়া বৰষুণকো নেওচি মাছৰ বজাৰত উপস্থিত ক্ৰেতা - মাছেৰে ভৰি পৰিছে পানীগাওঁ মাছৰ বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 13, 2022, 9:31 AM IST

বাপতি সাহোন ভোগালী বিহুৰ বাবে চৌদিশে চলিছে ব্যাপক আয়োজন (Preparation for Bhogali Bihu in Assam) ৷ আজি উৰুকা বুলি মাছে-মঙহে লগে-ভাগে এসাঁজ খোৱাৰ বাবে আৰম্ভ ৰাইজৰ ব্যাপক প্ৰস্তুতি (Preparation for Uruka) । উৰুকা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাছৰ বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ মাছ (Fish market on Bhogali Uruka) ৷ আন আন প্ৰান্তৰ দৰেই বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা লখিমপুৰৰ পানীগাঁও মাছৰ বজাৰত (Uruka Fish market at Lakhimpur) ৰাইজৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয় । এইবছৰ বজাৰখনত মাছৰ দাম 2 হেজাৰৰ পৰা প্ৰায় 22/25 শ টকা পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰচণ্ড শীতৰ লগতে কিনকিনীয়া বৰষুণকো নেওচি পুৱতি নিশা ক্ৰেতা-বিক্ৰেতাৰ খদমদম লাগিছে পানীগাওঁ মাছৰ বজাৰত । ভেলাঘৰতে হওক অথবা নিজৰ ঘৰতে হওক, লগে ভাগে আত্মীয়-স্বজনেৰে উদৰ পূৰাই এসাঁজ খোৱাৰ বাবে তৎপৰ হৈ পৰিছে লখিমপুৰবাসী ৷ বিগত বৰ্ষতকৈ এইবছৰ মাছৰ দাম বৃদ্ধি পাইছে যদিও একাংশ গ্ৰাহকে প্ৰতি কেজি মাছ প্ৰায় 2000 টকা পৰ্যন্ত দৰত ক্ৰয় কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.