বাণীবদ্ধ হ’ল ইতিহাস প্ৰসিদ্ধ গাংমৌ থানৰ ভক্তিমূলক গীত - বিশ্বনাথৰ গাংমৌ থান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 25, 2021, 5:36 PM IST

পোন প্ৰথমবাৰৰ বাবে বাণীবদ্ধ হ’ল ইতিহাস প্ৰসিদ্ধ গাংমৌ থানৰ(Gangmou Than) ভক্তিমূলক গীত । এই থানতে 7 বছৰ 6 মাহ দিন থাকি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে(Sankardev)৷ বিশ্বনাথ জিলাৰ বিহালী বাহবাৰীত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ গাংমৌ থানখন । গাংমৌ থানতে গুৰুজনাই লিখি উলিয়াইছিল ‘পাৱে পৰি হৰি কৰো হো কাতৰি প্ৰাণ ৰাখবি মোৰ’ বৰগীতটি । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজৰ সমাগম থলী হৈছে এই পবিত্ৰ গাংমৌ থান । ভক্তপ্ৰাণ ৰাইজৰ সমাগমে আৰু এখোজ আগবঢ়াই নিয়া প্ৰয়াস কৰি পোন প্ৰথমবাৰৰ বাবে গাংমৌ থানক লৈ বাণীবদ্ধ কৰা হ’ল এটি ভক্তিমূলক গীত । চলিত পবিত্ৰ ভাদ মাহতে বিহালীৰ কেইগৰাকী মান শুভাকাংশী আৰু স্থানীয় শিল্পী পবিত্ৰ ভূঞা কণ্ঠত উন্মোচন কৰা হ’ল ইতিহাস প্ৰসিদ্ধ গাংমৌ থানৰ প্ৰথমটো বাণীবদ্ধ ভক্তিমূলক গীত ৷ চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.