thumbnail

শিৱসাগৰৰ শিশুগৃহত সেনাৰ খাদ্য সামগ্ৰী বিতৰণ

By

Published : Jun 5, 2021, 9:27 AM IST

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ(37 national highway)ৰ কাষত অৱস্থিত অনাথ শিশুৰ আশ্ৰয়স্থল প্রজ্ঞালয়(pragyalaya)ত শুকুৰবাৰে ভাৰতীয় সেনা(Indian army)ই ৰহদৈ পুখুৰী ১২ বেটেলিয়ানৰ কেম্প(rohdoi pukhuri 12 Battalion Camp)ৰ পৰা শিশুসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লয় । শিশুসকলৰ মাজত খাদ্য সামগ্ৰী যেনে চাউল, আটা, গাখীৰ, চাবোন, বিস্কুট, নিমখ ইত্যাদি বিতৰণ কৰে সেনাবাহিনীৰ দলটোৱে । মিনি লক ডাউনৰ সময়ত ভাৰতীয় সেনাই আগবঢ়োৱা খাদ্য সামগ্ৰীয়ে শিশুসকলক উপকৃত কৰিব বুলি প্রকাশ কৰিছে প্রজ্ঞালয়ৰ সঞ্চালক ভৱন মহনে । শিশুসকলৰ বৌদ্ধিক, শাৰিৰীক, মানসিক, আধ্যাত্মিক উৎকর্ষ সাধনৰ বাবে দৈনিক পুষ্টিকৰ আহাৰ প্রয়োজন মতে পোৱা প্ৰয়োজনীয় ৷ এইক্ষেত্ৰত ভাৰতীয় সেনাৰ জোৱানসকলে অনাথ শিশুসকলৰ বাবে লোৱা এনে পদক্ষেপ সঁচাই প্ৰশংসনীয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.