ডিমা হাছাও জিলাৰ হাৰেংগাজাও বজাৰত ভয়ংকৰ অগ্নিকাণ্ড - Fire breaks out at Harengajao market
🎬 Watch Now: Feature Video

পাহাৰীয়া জিলা ডিমা হাছাওৰ হাৰেংগাজাও বজাৰত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ নিশা প্ৰায় 2 মান বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ যায় হৰিদাশ ঘোষ নামৰ এগৰাকী ব্যক্তিৰ ভাড়াঘৰত থকা 10 টাকৈ পৰিয়ালৰ সকলো সা-সম্পত্তি ৷ দীৰ্ঘদিন ধৰি হৰিদাশ ঘোষৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল এই পৰিয়াল কেইটা ৷ প্ৰাপ্ত খবৰ মতে এই ঘটনা সংঘটিত হোৱা সময়ত অঞ্চলটোত বিদুৎ সংযোগ বিছিন্ন হৈ আছিল ৷ লগতে ম'বাইল সেৱাও সম্পূৰ্ন ৰূপে বিকল হৈ আছিল ৷ উক্ত সময়ছোৱাত কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল সেইয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ প্ৰায় পঞ্চাশ ষাঠি লাখ টকাৰ ওপৰত হ'ব বুলি অনুমান কৰা হৈছে ৷ উল্লেখ্য যে, হাৰেংগাজাও অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কোনো কাৰ্যালয় নথকাৰ বাবে ব্যাপক সমস্যাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷