অগপ নেতাৰ বিৰুদ্ধে শাৰীৰিকভাৱে অসুস্থ যুৱকক লৈ ৰাজনীতি কৰাৰ অভিযোগ - নামতি আলি পঞ্চায়ত পৰিষদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10217785-thumbnail-3x2-amguri.jpg)
আমগুৰিত অগপ নেতাৰ বিৰুদ্ধে শাৰীৰিকভাৱে অসুস্থ যুৱকক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শাৰীৰিকভাৱে অসুস্থ যুৱক উৎপল দত্তৰ পৰিয়ালে নামতি থানাত এজাহাৰ দাখিল কৰিছে নামতি আলি পঞ্চায়ত পৰিষদৰ সম্পাদক লক্ষীনাথ গগৈৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, লক্ষীনাথ গগৈয়ে সামাজিক মাধ্যম ফেচবুকত অসুস্থ যুৱক উৎপল দত্তৰ পৰিয়ালে চিকিৎসাৰ বাবে স্থানীয় লোকৰ পৰা বহু টকা-পইচাৰ সহায় পোৱা বুলি উল্লেখ কৰিছিল । ভুক্তভোগী পৰিয়ালে লক্ষীনাথ গগৈৰ এনে মন্তব্য নসাৎ কৰি পৰিয়ালটোক মিছা অপবাদ দিয়া বুলি উল্লেখ কৰি অগপৰ নামতি আলি পঞ্চায়ত পৰিষদৰ সম্পাদক লক্ষীনাথ গগৈৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।