Farmers' Victory Day: তিতাবৰত কংগ্ৰেছৰ কৃষক বিজয় দিৱস - controversial agricultural laws
🎬 Watch Now: Feature Video
তিতাবৰত শনিবাৰে কংগ্ৰেছ দলে কৃষক বিজয় দিৱস(Farmers' Victory Day) উদযাপন কৰে । কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ(Withdrawal of controversial agricultural laws) কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে তিতাবৰত কংগ্ৰেছ দলে এই বিজয় সমদল যাত্ৰা বাহিৰ কৰে । বিজয় যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(APCC President Bhupen Bora)ই অংশগ্ৰহণ কৰি দেশত অহংকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)ৰ অহংকাৰ দৰ্পচূৰ্ণ হৈছে বুলি কটাক্ষ কৰে । তেওঁ লগতে কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলে কৃষকৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ ফলতেই আজি দেশত গণতন্ত্ৰৰ জয় হৈছে বুলি উল্লেখ কৰে । বৰাই প্ৰধানমন্ত্ৰীয়ে এতিয়া কেৱল ঘোষণাহে কৰিছে আৰু তেওঁৰ কথাত বিশ্বাস কৰাতো টান বুলি মন্তব্য কৰি দেশত কৃষকে ন্যায় নোপোৱালৈকে কৃষক আন্দোলনৰ প্ৰতি কংগ্ৰেছে সমৰ্থন জনাই যাব বুলি ইংগিত দিয়ে ৷