বিধায়ক ৰকিবুল হুছেইনক ফোনযোগে প্ৰাণ নাশৰ ভাবুকি - rakibul hussain

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2021, 6:41 PM IST

Updated : Jun 30, 2021, 7:24 PM IST

‘‘তই ক'ত আছ ? তোৰ ল'ৰা ক'ত আছে ?’’ এনেদৰে প্ৰশ্ন কৰি নিশা ১২ বজাত প্ৰাণ নাশৰ ভাবুকি এগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীক । কংগ্ৰেছৰ তিনিটা কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ উপৰিও পঞ্চমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ বিৰোধী দলৰ উপ দলপতি হোৱা ৰকিবুল হুছেইনক এনেদৰে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে নিশা ১২ বজাত এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনলৈ অচিনাকি নম্বৰৰ পৰা আহে এটা ভাবুকি ভৰা ফোনকল । বিভিন্ন অশ্লীল গালি-গালাজ কৰি প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰাত শংকিত হৈ পৰে প্ৰাক্তন মন্ত্ৰী গৰাকী । বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱন(Rajib Bhawan)ত এক সংবাদমেল(Pressmeet) সম্বোধন কৰি এই বিষয়ে সদৰী কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে(Rakibul hussain) । 86388-73520 নম্বৰৰ পৰাই প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক ভাবুকি প্ৰদান কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৰকিবুল হুছেইনে । প্ৰাক্তন মন্ত্ৰীগৰাকীক ভাবুকি দিয়াৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী(Nagaon police) থানাত গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰকিবুল হুছেইনে ।
Last Updated : Jun 30, 2021, 7:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.