Elephant calf Dead in Mariani : ৰে’লৰ খুন্দাত মৃত্যুক সাৱটিলে বনৰীয়া হাতীয়ে - মৰিয়নীত ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13931757-thumbnail-3x2-mari.jpg)
যোৰহাটৰ মৰিয়নীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা(Tragic incident in Mariani) ৷ শুকুৰবাৰে পুৱতি নিশা উজনিমুৱা 02424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যুক সাৱটি ল'লে এটি বনৰীয়া হাতীয়ে(Elephant calf Died at Mariani)৷ ঘটনা অনুসৰি, অঞ্চলটোৰ ওচৰৰ গিৱন আভয়ৰণ্যৰ পৰা এটা হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ তেনে অৱস্থাতে মৰিয়নীৰ নকচাৰী ভেলুগুৰি 95 নং গেটৰ ৰে'লপথত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এই হাতীটোৰ ৷ পৰৱৰ্তী সময়ত বনবিভাগক খবৰ দিয়া হয় যদিও সময়মতে উপস্থিত নোহোৱাত ক্ষোভ উজাৰিছে স্থানীয়লোকে ৷ উল্লেখ্য যে, এই স্থানত পূৰ্বেও সংঘটিত হৈছিল এনে ঘটনা ৷ ইতিমধ্যে তিনিটাকৈ হাতী মৃত্যুমুখত পৰিছে ৰে'লৰ খুন্দাত ৷ ফলত বন বিভাগৰ গাফিলতিৰ বাবে এনেদৰে বন্যহস্তীৰ মৃত্যু হোৱাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷