কৰিমগঞ্জৰ ভোটগননা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা

By

Published : May 2, 2021, 12:36 PM IST

thumbnail

দেওবাৰে পুৱা ৮ বজাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। বিগত এমাহে ই ভি এমত বন্দী হৈ আছিল ৰাজনৈতিক নেতা সকলৰ ভৱিষ্যত । অসম বিধান সভা নিৰ্বাচন, ২০২১ ৰ ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ ভোটকেন্দ্ৰ সমূহত সষ্টম কৰা হৈছে কটকটীয়া প্ৰশাসন ব্যৱস্থা ৷ কৰিমগঞ্জ জিলা প্ৰশাসনে ইতিমধ্যে ভোট গণনা কক্ষত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটগণনা কেন্দ্ৰত ক’ভিড বিধি মানি চলা পৰিলক্ষিত হৈছে ৷ ভোটগননাক লৈ তৎপৰ হৈ পৰিছে বুলি মন্তব্য জিলাখনৰ উপায়ুক্ত আম্বামুথান এমপি । ইফালে, পুৱা ৮ বজাৰ লগে লগে ভোটগননা কেন্দ্ৰত প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদো উপস্থিত হৈছে । সম্পূৰ্ণ পৰিৱেশ নিৰীক্ষণ কৰাৰ লগতে প্ৰশাসনৰে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা দেখা যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.