তেজপুৰত ক’ভিড প্ৰ’টকল মানি পালন পবিত্ৰ ঈদ উল আজহা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2021, 10:53 PM IST

আজি ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উল আজহা (Eid Ul Azaha) । সমগ্ৰ বিশ্বৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে এই ঈদ । তেজপুৰ চহৰৰ বাসিন্দাসকলে এইবাৰ ক’ভিড সংক্ৰমণ (Covid 19) আৰু লক ডাউন (Lockdown)ৰ বাবে ঘৰতে পালন কৰিছে এই পৱিত্ৰ উৎসৱ । ঈদ হৈছে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে ত্যাগ স্বীকাৰ কৰা উৎসৱ । এই নীতিকে সৰোগত কৰি ক’ভিড মহামাৰীৰ বাবে তেজপুৰ তথা সমগ্ৰ শোণিতপুৰ জিলাবাসীয়ে এইবাৰ সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি ঈদ উল আজহা পালন কৰিছে । শোণিতপুৰ জিলাতো সান্ধ্য আইন (Curfew) আৰু সম্পূৰ্ণ লক ডাউনৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি ধৰ্মীয় অনুষ্ঠানত মছজিদত মাত্ৰ ৫ জন লোকৰ সৈতে নামাজ অনুষ্ঠিত কৰাৰ বিপৰীতে ঘৰে ঘৰে প্ৰতিটো পৰিয়ালে অনুষ্ঠিত কৰিলে সমূহীয়া নামাজ । তেওঁলোকে নামাজ অনুষ্ঠিত কৰি দেশবাসীৰ মংগল কামনা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.